সমললৈ যাওক

পৃষ্ঠা:ৰূপালীম.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক]
ৰূপালীম্‌

 ৰূকমী ছোৱালীৰ কণ্ঠসুৱদিৰে সানমিহলি হৈ সাঙ্গীতিক স্বৰবোৰ শুৱলা শব্দৰ বোকাছত উঠি সেই ঠাইডোখৰৰ চাৰিওফালে উৰি ফুৰিবলৈ ধৰিলে। লাহে লাহে সৰু টুলুঙা নাও এখনত এজনী দীপলিপ বসন্তৰ কুঁহিপাতৰ দৰে কুমলীয়া ৰূকমী ছোৱালী— ওঁঠ দুটা মিচিকি হাঁহিৰে বোলাই, সেই শিলটোৰ ওচৰতে নাও চপালেহি। আঁঠুমূৰীয়া চিত্ৰবিচিত্ৰ মেখেলা। বুকত চিত্ৰবিচিত্ৰ মেৰণি। গাত এখন বগা পাতল সূতাৰ কাপোৰ। মায়াব’ই আথেবেথে আগবাঢ়ি গৈ সুধিলে—

মায়াব’। ( সুৰীয়া মাতেৰে ) ৰূপালীম্‌ ! আজি ইমান বেলি কিয় ? মোৰ পেঁপা বজাওঁতে ওঁঠ বিষালে।

ৰূপালীম্‌। ( নাৱৰপৰা নামি হাঁহি ) তোমাৰ পেঁপাৰ মাতবোৰে উৰি উৰি গৈ মোক আগভেটি ধৰি আহিবলৈ নিদিয়ে— সিহঁতৰ মাজে মাজে বাট ফালি আহোঁতে বেলি হ’ল আকৌ। ( হাঁহে। )

মায়াব’। তেন্তে মই আৰু পেঁপা নবজাওঁ।

( মনটো বৰ বেজাৰ কৰে। )

ৰূপালীম্‌। বজাবা মায়াব’— বাৰু মায়াব’। তুমি পেঁপাটোক কিমান মৰম কৰা ?

মায়াব’। খুব ভাল পাওঁ— পেঁপাটো নহ’লে মই এখন্তেকো থাকিব নোৱাৰোঁ।

ৰূপালীম্‌। তেনে পেঁপাটোৰ সতে তুমি থাকা। মই যাওঁগৈ।

( ওফোন্দ পাতি যাব ধৰে। )

মায়াব’। ( ৰূপালীম্‌ৰ বাউসীত ধৰি ) কেলেই যাবাগৈ ৰূপালীম্‌?

ৰূপালীম্‌। কেলৈ নেযাম ? মই নহ’লে তুমি গোটেই দিনটো অকলে থাকিব পাৰা, গোটেই নিশাটেও পাৰা, কিন্তু পেঁপাটো নহলে নোৱাৰা। তেন্তে তুমি মোক পেঁপাটোৰ সমানকে মৰম নকৰা ?