সমললৈ যাওক

পৃষ্ঠা:ৰূপালীম.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপালীম্‌

সৰাপাতৰ
নাও...
খনি
গৈ
গৈ
গৈ
আমাৰ মৰম এ ভৰা
লৈ।

 মায়াব’ৰ বাঁহী বন্ধ হয়। গীত আকৌ নাইকিয়া হয়। মায়াব’ৰ বাঁহী বাজি উঠে। গীত আৰু স্পষ্ট হৈ আহি আকৌ ৰয়। মায়াব’ৰ বাঁহী আকৌ বাজে। গীত এইবাৰ আৰু স্পষ্ট হৈ আহে। গীত ৰয়। মায়াব’ৰ বাঁহী বাজে। গীত এইবাৰ ওচৰত শুনা যায় বেচ স্পষ্টকৈ। মায়াব’ই বৰ হেপাহেৰে ডিঙি মেলি মেলি চাই সেই গীতৰ স্পষ্টতাত আনন্দ পাবলৈ ধৰিলে।

—ঃগীতঃ—
ভৈয়ামৰ ধাননি
বোলালে ঔ
সোণালী
কৈ
জিৰ জিৰ নিজৰি ঐ!
মৰমৰ বতৰা
লৈ
বৈ থাক
বৈ থাক
ৰৈ
ৰৈ
ৰৈ।