পৃষ্ঠা:ৰূপালীম.djvu/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰূপালীম্‌
প্ৰথম অঙ্ক

  দুই পৰ্ব্বতৰ মাজৰ এখন পৰ্ব্বতীয়া নৈ — সিপাৰৰ পৰ্ব্বতবোৰৰ গাত ৰূকমী গাঁওবোৰ। ৰূকমী অসমৰ পূব সীমান্তৰ পৰ্ব্বতীয়া সভ্য বৌদ্ধ জাতি, ইহঁতৰ সভ্যতা মণিপুৰৰ লগত ৰিজাব পাৰি। পৰ্ব্বতৰ গাৰ গাঁৱৰ সৰু সৰু টুপ লগোৱা চাংঘৰবোৰৰ দুৱাৰেদি জুইৰ পোহৰ বিৰিঙি ওলাইছে। জোন-তৰাই আকাশত ভূমুকি মাৰিছে। আকাশখনৰ পৰা বিয়পি পৰা জোনৰ পোহৰে নৈ, বিল, পৰ্ব্বত-বন সকলোকে ৰূপোৱালী কৰি বোলাইছে। নৈৰ কলকলনিয়ে আৰু বতাহৰ ফুৰফুৰণিয়ে ঠাইডোখৰত মিহলি শব্দৰ ঢৌৰ সৃষ্টি কৰিছে। ইপাৰে ওখ ওখ শিলনি। তাতে পানী-যুঁৱলিৰ শিল এটাত মায়াব’ এটা বলিষ্ঠ পীতবৰণীয়া, কুৰি বছৰীয়া, দেখিলে মোহলগা চিত্ৰ-বিচিত্ৰ কাপোৰ পিন্ধা গাঁৱলীয়া ৰূকমী ডেকা — অকলশৰে বহি আছে। তাৰ হাতত এটা পেঁপা, সি সেই পেঁপাত কিবা তিনিসুৰীয়া এসুৰীয়া সুৰ বজাই আছে। পেঁপাটো বজাবলৈ এৰি নৈৰ পিনে দূৰণিলৈ চাই উচ্‌পিচাই আকৌ পেঁপাত আঙুলি বুলাইছে। এনেতে বহু দূৰণিত নৈৰ বুকুত এটা বিনাই গোৱা গীত শুনা গ’ল ।

—ঃগীতঃ—
জিৰ জিৰ জিৰ জিৰ
জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ’!
টুলবুল টুলবুল
কৈ
হালধীয়া