ধৰ্ম্মাতনু সৰ্ব্বকালে যুবত শৰীৰ।
তাহাৰ সমান কেহু নাহি মহাবীৰ॥
বংশে সমে আছে তেহু খানে বিপ্ৰ নাই।
পৰম যোগেন্দ্ৰ বেদ বেদাশুদ্ধ কাই॥
যোগবলে সৃজিবাক পাৰে ত্ৰিভুবন।
আদি পূৰ্ব্বে তেহো পুৰুষ ত উতপণ॥
হেন শুনি গোসানী পূচিলা শঙ্কৰত।
কহিয়ো গোসাই ইটো কথা কেন মত॥
কিহেতু পুৰুষে তাহাক বিসৰ্জিলা।
তাহাৰ লগত অৰি কোন জন ভৈলা॥
কেনমতে পুৰুষৰ সম বুদ্ধি ভৈলা।
কিবা হেতু হেন শুদ্ধ কৰ্ম্ম আচৰিলা॥
ইহাক শুনিতে মোৰ পৰম আনন্দ।
পাছে অল্প কহিলন্ত হৈ যগবিন্দ॥
তযু সেবকানী মই সুধিবাক পাওঁ৷
সব কৰ্ম্ম এড়ি মই তোমাক ধিয়াওঁ।৷
এহি বলি দেবী কৰ জোৰিয়া ৰহিলা।
পাছে হাস্য কৰি হৰে গৌৰীত কহিলা॥
যিকথা পুচিলা ইটো সবাতে গহন।
ইহাকে জানন্তা দেবী নাহি কোন জন॥
আজি তোমাত আঙ্ক কৰিবো প্ৰকাশ।
আদি অন্ত কথা মই জানোহোঁ নিশেষ॥
আচন্ত পুৰুষোত্তম ব্ৰহ্ম নিৰাময়।
ভকত সহিতে মাত্ৰ প্ৰকাশ কৰয়॥
ইচ্ছা কৰি এক নৃত্য পুৰুষ সৃজিলা।
নকৰিলা ক্ষোভ নিৰালম্ব ব্ৰহ্ম লীলা॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ৰূদ্ৰ যামল।