কতেক কহিবো ৰূপ গুণৰ মহত্ব।
দিব্য ৰত্ন পালাঙ্কিত থাকন্ত সতত॥
নাহি লক্ষ্মী সৰস্বতী ভূজঙ্গৰ শৰ্য্যা।
ভকতে সহিতে বসি থাকন্ত বিৰাজা॥
লক্ষে লক্ষে অৰ্ব্বুদে নিৰ্ব্বুদে ভক্তগণ।
দেব কীৰ্ত্তনত বিনে নাহিকন্ত আন॥
হেনয় থানক মহা পৰম যতনে।
তাহা কেসে আসি দেবী কৰিআছে মনে॥
মই তাৰ দাস ভৈলো তুমি হবা দাসী।
তাহান সেবাক মাত্ৰ থাকুহু উপাসি॥
তাহাকে সে মহা হৰি বোলে সাধুজনে।
ভক্তি সেবা বিনে আন নাহিকে সাধনে॥
সাধূ সেবা কৰি প্ৰীতি ভকতি সহিতি।
কৌটি লক্ষ একত্ৰে পায় হেন নিতী॥
দীৰ্ঘে প্ৰস্থে হোৱে ষাঠি লক্ষৰ প্ৰহাৰ।
তাহাৰ মধ্যত স্থান অতি মনোহৰ॥
তাহাৰ জানিবা নাম মহা দায়ানন্দ।
দৃব্য ৰত্নময় পুৰি নাহি নিৰানন্দ॥
যাতো শ্বেত পৰমাজে বৈকুণ্ঠ নিৰ্ম্মিলা।
এতেকে সে তাহাঙ্ক বৈকুণ্ঠ নাম দিলা॥
নন্দ পৰমানন্দ তাহাকে বোলয়॥
পুষ্প বলাহক সেহি বৈকুণ্ঠ বোলয়॥
কতেক কহিবো সিটো স্থানৰ মহত্ব।
চাৰি মূখে ব্ৰহ্মা গাই নপাৱন্ত তত্ব॥
তান বৈকুণ্ঠক মই কৈবু অনুপাম।
হেন বৈকুণ্ঠক তাৰ নাহিকে উপাম॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৭২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
ৰূদ্ৰ যামল ৷