এহি গুনি মৌনভাৱে আছে ত্ৰিপুৰাৰি।
কিছু পৰে গৌৰীক মাতিলা হাস্য কৰি॥
শঙ্কৰ বদতি কথা শুনিয়ো পাৰ্ব্বতী।
মই মাধৱৰ দাস জানিয়ো সম্প্ৰতি॥
তুমিয়ো হৈবাহা দাসী ময়ো হৈবো দাস।
মোৰ আৰ নাহি কিছু তোমাসাত বাজ॥
মই দিগাম্বৰ তুমি হবা দিগম্বৰী।
মুণ্ড-মালা জটায় থাকৌয়, শূল ধৰি॥
কটি-বাঘ ছাল গাৱে সৰ্প কণ্ঠে বিষ।
মালাৰ কাহিনি শুনি দেবীৰ হৰিস॥
প্ৰেত স্থানে থাকি যত লোকে ৰেসে স্থান।
সকল প্ৰকাৰে কৰি জগত নিৰ্ম্মান॥
এহি মতে দেহা অৰ্থ তত্ত কহিলন্ত।
সংসাৰ তত্তৰ কথা দেবী জানিলন্ত॥
দেহা ছাই মাতি হোৱে অগ্নি দাহ কৰে।
মৰি মৰি উপজয় সাৰ নামে তৰে॥
চাৰি সিদ্ধ জীৱ এভো সিয়ো নপায় অন্ত।
জানো লোকে হৰিত শৰন ন পাসণ্ড॥
হেন জানি তুমি লোৱা হৰিত শৰন।
তোমাৰ আমাৰ গুৰু দেৱ নাৰায়ণ॥
আজি ধৰি আত্মা গুৰু তাহাকে মানিবা৷
সৰ্ব্ব কৰ্ত্তা ভাৱ মনে ভজিয়া ধৰিবা॥
মই হৰি দাস ভৈলো তুমি হৰি দাসী।
থাকিবহো ছয়ো জনে তাহাঙ্ক উপাসি॥
অনেক কহিয়া হৰে প্ৰেমত মজিলা।
কৃষ্ণ ইষ্ট মহা হৰি বলিয়া স্মৰিলা॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৬৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ৰূদ্ৰ যামল ৷