পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ৰূদ্ৰ যামল ৷

স্বামীৰ ভাৱক দেখি পাৰ্ব্বতী গোসানী।
দুই নয়নৰ পৰা বহি যাই পাণী॥
শুনা বুদ্ধ জন হৰ গোৰীৰ সম্বাদ।
মহা মায়াঁ হৰ ভৈলা হৰিৰ ভকত॥
শূদ্ৰ কলা কহি বহুমতি কলা কৈলা।
বলি কলা কহি কপি যুদ্ধক কহিলাা॥
ঈশ্বৰ নিৰ্ণয় শুনি শৰণ পশিলা।
শৰণ কলাক পাছে দেবীত কহিলা॥
অনন্ত গহন হৰ গৌৰীৰ সম্বাদ।
নিশেষ ইহাক কোনে কহিব আহ্লাদ॥
সম্বন্ধি অধিক ষাঠি হাজাৰ শ্লোকৰ।
বিৰচিলো পদ আনি কলিকালান্তৰ॥
আমি অল্প মতি শাস্ত্ৰ অগাধ্য সাগৰ।
শুনিলে মাত্ৰকে হোৰে বুদ্ধি পণ্ডিতৰ॥
তথাপিতো আমি গুৰু মুখে যি শুনিলো।
গুৰুৰ চৰণ চিন্তি ইহাক লেখিলো॥
বঢ়া টুটা দোষ দেখা ক্ষেমাসে বুঝাই।
কৰি বাহা নিন্দা যেবে ইতো কথা নাই॥
শাস্ত্ৰক নজানি যদি কৰয় নিন্দন।
কুবাক্য ৰতয় বেঙে কাকৰ সমান॥
মোৰ পদ বলি যিটো কৰয় হেলন।
তথাপিটো শাস্ত্ৰ চাই জিজ্ঞাসিব মন॥
আপনি ঈশ্বৰ হৰ গৌৰী মহামায়া।
মহা প্ৰকৃতি ৰূপ সঙ্কৰৰ জায়া॥
তাৰা দুৰো সম্ভাষণ তাতে গুঢ় আতি।
পাশ গুল বেসে আৰু নজা নয় আতি॥