একান্ত শৰণ যিটো মহন্ত সঙ্গত।
পাৱে ৰাম নাম ৰস হুয়া এক সত॥
তাঙ্ক কি কৰিতে পাৰে কলি দুৰাচাৰ।
যেন মুষ্টে মুষ্টি হানি মাথাৰ উপৰ॥
হৰি ভকতিক যেন দুৰ্জ্জনে নিন্দয়।
অতি অল্পকালে সিটো আপনী নাশয়॥
শুনিবা পাৰ্ব্বতী লয়ো হৰিত শৰন।
হৈবাহা অমৰ তুমি গুচিব মৰণ॥
তুমি আমি দুয়ো জনে কৃষ্ণত ভকতি।
তেবে গুচিব আমাৰ সব দুৰ্গতি॥
পাৰ্ব্বতী বদতি গুৰু জগত ইশান।
তুমি কাক ভজা কোন ঈশ্বৰ প্ৰধান॥
কোনে কৈত থাকি কৈত কৰিছে কি কাম।
আমি জানো তুমি বিনে নাহি আন কাম॥
জগতৰে সৃষ্টিকৰ্ত্তা তুমি মহেশ্বৰ।
তুমি বোলা কোন এক আছন্ত ঈশ্বৰ॥
কি কথা কাৰণ ৰূপ কহিয়ো সংহৰি।
দাসী বলিয়োক তযু চৰণে উদ্ধাৰি॥
ভাল মতে প্ৰভু মোক কহিয়ো বুজাই।
তোমাতে শৰন মোক দিয়োক সদাই॥
জগতৰ অন্ত মই কাল ৰূদ্ৰহৰ।
সকল কালৰ মই দাস মাধৱৰ॥
মোৰ আত্মা হুয়া এন্তে বলি পূজাঁ খাই।
আজি তাৰ আশা গুচাইবো সমুদাই॥
মহা ঘোৰ ৰূপ ধৰি লোক বিনাশয়।
মহা মায়া প্ৰকৃতীয়ো এহেন্তে হোৱয়॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৬৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ৰূদ্ৰ যামল ৷