পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ৰূদ্ৰ যামল ৷

লইবোক কৰ ভাৰ মাত্ৰ সাধিব লোকৰ।
সাধনক লাগি হৈব আক্ৰোশ বিস্তৰ॥
লোকৰ কুশল কিছু নকৰিব মনে।
খাইবাক লাগিয়া মাত্ৰ কৰিব যতনে॥
হৈব হিংসা বাদ হিংসা কৰিব লোকক।
আপনাৰ সুখ মাত্ৰ সাধিবোক তাক॥
ন কৰিব প্ৰেমভাৱ কৰিব কপট।
তৰ্কবাদে বিভান্দিব আবে বৈষ্ণৱক॥
শ্ৰৱণ কীৰ্ত্তন ভক্তি আক নাদৰিব।
অন্য অন্যে মনে মাত্ৰ দ্বেষ আচৰিব॥
মহন্তৰ হৈব শোক মোহ ক্ৰোধ কাম।
ঐশ্বৰ্য্য বিভূতি বাঞ্চিবোক অবিশ্ৰাম॥
ন কৰিব ভূতদায়া ন থাকিব বহি।
নাম দান কৰিবোক ঘৰে ঘৰে বহি॥
তই মই ভেদ বুদ্ধি নুগুচিব মনে।
কৰিবোক ভেদমাত্ৰ দেহাৰ কাৰণে॥
মহন্ত সবৰ হব কন্দল বিস্তৰ।
ন হৈব সাদর কাক নহি কত কাৰ॥
ন হৈবেক মন দিগম্বৰ প্ৰেমভাৱ।
দৃব্য বস্ত্ৰ অলঙ্কাৰে শোভিবোক গাৱ॥
হৈব আসকতি আতি তীৰি সুবৰ্ণ ত।
ধৰ্ম্মক বখানিব বসি উচ্ছ আসনত॥
তাতে বিপ্ৰ সব হব খলুৱা ৰাক্ষস।
মহন্তক দিব দুঃখ পাইব মহাক্লেশ॥
এহি মতে হৈব মহা পাপীষ্ঠ বৰ্ব্বৰ।
কলিযুগে নহৈবেক আচাৰ বিচাৰ॥