সেহিজন বল্লভ হৈবেক মহাজন।
কৰিব অকাৰ্য্য সিটো খতি দিয়া মন॥
সাধুক পীড়িব সবে কৰি কুটনাট।
হৈবেক দাৰুণ মহা ৰাজাৰ ললাট॥
অতব্য হৈবেক দেহ হৈব পথাঘত।
মিলিব মাৰিক মহা দুৰ্ভিক্ষ ৰাজ্যত॥
যাইবো অধঃপাত সব লোক নিৰন্তৰ।
নহৈবেক একো লোক সুখী একো নৰ॥
পাছে কতো কতো লোক হইবে বৃদ্ধিহীন।
শ্ৰৱৰ্ণ কীৰ্ত্তন ভক্তি কৰিবোক হীন॥
স্ত্ৰী বশে হৈব ৰাজা লোক ত মলিন।
সকলে হৈবেক লোক স্ত্ৰী পৰাধিন॥
অধৰ্ম্মে জুৰিলা লোক ভৈলা একাকাৰ।
ৰাজাৰ আচাৰ হইব প্ৰজাৰ আচাৰ॥
হংস ছাগ বলী পূজা কৰিব বিধান।
এতেকে হৈবেক লোক নৰ কত স্থান॥
কহিলো তোমাত মধ্য দেশ ভাৰতৰ।
বৰ্ণত শঙ্কৰ হৈব লোক নিৰন্তৰ॥
ম্লেচ ৰাজা হৈব নাশ শূদ্ৰে হইব ৰাজা।
তাহাতে খাতিব জানা বহুতৰ প্ৰজা॥
হৈবেক লোহিত তীৰে ৰাজাৰ নগৰ।
সান্তানুনন্দন আতি তীৰ্থ মনোহৰ॥
তাহাক নহৈব মহাপুৰিশৰলন।
হয় হস্তী ৰখে গজে হৈব সুনিৰ্ম্মল॥
হৰবিন্দ নাম ধৰি হৈব নৰপাল।
চন্দ্ৰপ্ৰভা নামে হৈব নগৰ বিষাল॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ৰুদ্ৰ যামল ৷