কানত কহিব কথা জপিব কুনাম।
বৰ্ণাশ্ৰম এড়িব কৰিব মত্ত কাম॥
লোকক মোহিত কৰিবোক মণ্ডমতি।
তাকে ধৰ্ম্ম বোলি লোকে মানিব সম্প্ৰতি॥
বিপ্ৰ সবে শুনা যেন কৰিবোক কায।
লৈবোক পাষণ্ড কলি সকল সমাজ॥
চৰা চৰা ফোটা ভূমি মাতিত লুটিব।
হাতত বলবা কানে অঞ্জনা পিন্ধিব॥
বহুতৰ বল্কি কৰিবোক আগ্ৰহণ।
লোক তবো লাইব বৰ পণ্ডিৎ গহন॥
বতনৰ দ্ৰব্য আনি কৰি এক ঠাই।
আখৈ কলা পিঠা আৰো কৰাই মিঠাই॥
দধি দুগ্ধ ক্ষীৰ দিব্য কৰি বহুতৰ।
প্ৰবন্ধ কৰিয়া দ্ৰব্য খাইবোক লোকৰ॥
তন্ত্ৰ মন্ত্ৰ কৰিয়া ভাণ্ডিব জগতক।
ধন ধান্যে মুক্তি পাৱে দেখায় শাস্ত্ৰক॥
কত বলি হংস ছাগ দিব নানা মত।
এহি মতে ভাণ্ডিয়া ফুৰিব জগতক॥
হেন বোধ সকলে দেখিয়া কলি মন্দ।
মোৰ কাৰ্য্য সিদ্ধ বলি কৰিব আনন্দ॥
শঙ্কৰ বদতি কথা শুনিযো পাৰ্ব্বতী।
এহি বোধ কলা ৰাজ শুনিলা যুগুতি॥
মহাজন সকলে যে আচৰিব মন্দ।
শিষ্যৰ কাৰণে কৰিবোক বহু দ্বন্দ্ব॥
তোৰ মোৰ ভঙ্গ বলি কৰিব বিবাদ।
কৰিবোক শ্ৰদ্ধা পুৰুষাৰ্থৰ আৰদ॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
ৰূদ্ৰ যামল ৷