পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ৰুদ্ৰ যামঁল ৷

কলি পাপীষ্ঠৰ দেখিবন্ত বল বৃদ্ধি।
চিত্ত বিত্ত পত্ৰক কৰিব আশুধি॥
তাতে বোধ পাষণ্ড হৈবে যত যত।
মিটো সবে বলী হব কলিৰ লগত॥
পূজা মন্ত্ৰ বেদ কিছু কৰিবোক নিত।
হৰি নাম বিনে হব সকল বৰ্জ্জিত॥
একে হৰি নাম মাত্ৰ লোকৰ মুকুতি।
তাত পৰে আন কোনে সাধিবোক গতি॥
অন্ত্যজ চাণ্ডালে যদি লোৱে হৰি নাম।
বাহ্ৰ গুণি বিপ্ৰেও নহিকে তাৰ সম॥
যদি বিপ্ৰ হুৱা সিটো হৰি ন ভঞ্জিলা।
তাতোধিক চাণ্ডালক তাকে গুৰু বোলা॥
বোধ অৱতাব কলো শুনা বোধ কলা।
চাহিয়া ৰহিব যাৰ যেন বুদ্ধি ভোলা॥
কৰিব ভুষিত তাৰ সকল কপাল।
হেন বেশ ধৰি অতি ভাঙ্গিব সকল॥
কতো বৃত্তি ধৰিবোক অনাৰ্থ কুধৰ্ম্ম।
শিৰে জটা ভস্ম ধূলি পিন্ধে বাঘ চৰ্ম্ম॥
কটিত কফিন কতো পিন্ধিবোক টানা।
পিন্ধিব চন্দন ৰক্ত ৰুদ্ৰাক্ষৰ মালা॥
গ্ৰাম্য কথা এড়ি সিটো মুহিব লোকক।
পুৰ্ণ শয্যা দান দিব কৰি আনন্দক॥
কতো পাপী সবে পিন্ধিবোক ফাগী ফোটা।
তুলসী ৰুদ্ৰাক্ষ মালা পিন্ধে জোণ্টা জোণ্টা॥
আৰাগ চন্দন গাৱে কৰিব ভূষিত।
ধৰিবোক দিব্য দেব লোকেও দেখিত॥