সদৃশন নামে নদী চৌপাশে বহয়।
ব্ৰহ্মাৰ নিৰ্ণয় চাৰি দিকে প্ৰকাশয়॥
তাতে ক্ষুধা তৃষ্ণা জেৰা একে নাহি কয়।
বহু ৰম্য ফল পুষ্প আমোদিত হয়॥
হিৰা মৰকত থানে থানে মনোহৰ।
আপনি ঈশ্বৰ নিৰ্ম্মিআছে সাৰোত্তৰ॥
তাতে বুদ্ধ অবতাৰ ধৰিৱন্ত হৰি।
থাকিৱন্ত লোকৰ কাৰ্য্যক দৃষ্টি কৰি॥
কলি নিগ্ৰহিব যত লোক নিৰন্তৰ।
ভাঙ্গিব চাৰিবো ভৰি দাৰুণ ধৰ্ম্মৰ॥
বুদ্ধৰূপ ধৰি হৰি নমাতি ৰহিব।
ভাল মন্দ নাহি কিছু বাক্য ন বলিব॥
বোধ অৱতাৰৰ চৰিত্ৰ যত যত।
তোমাৰ আগত মই কৰিলোঁ বেকত॥
কতোবেলি হাস্যমাত্ৰ দন্ত্য দবশান্ত।
পাপান্যায় তিনি কাৰ্য্য তিনিকো দেশন্ত॥
তানলগে সাতোধিক মুনিয়ো সেৱন্ত।
তাসাম্বাৰ ভক্ত আছে তাহান আগত॥
যেন কাল জৰা লোক বসিয়া থাকয়।
শুনি লোকে তান ভাগে কহে কথাচয়॥
মাথাক জঙ্কাৰি যেন কৰিছে নিৰ্ভয়।
পাপ পুণ্য কাৰ বিছু চিকিৎস ন হয়॥
যিবা যেহি কহে তাক শুনিয়া থাকিবে।
এহি মতে বোধৰুপ ঈশ্বৰে ধৰিবে॥
ঈশ্বৰৰ ইচ্ছা ব্ৰহ্মা ভক্ত মুনি যত।
অচমিতে তাৰা সবে মিলিবে লগত॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৫৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ৰুদ্ৰ যামঁল ৷