পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ৰূদ্ৰ যামল।

পাৰ্ব্বতী বদতি গুৰু কহা ত্ৰিলোচন।
কোন দোষে হেন মত্ত হব লোকগণ॥
আদ্যে কিবা হব আৰ কহিয়ো যুগুতি॥
বিপ্ৰৰ হৈবেক হেন অধৰ্ম্মত ৰতি॥
সঙ্কৰ বদতি হেন শুনিয়ো নিৰ্ণয়।
তোমাৰ অগত মই কহিবো নিশ্বয়॥
কত গুটি গৈলা যেবে কলিৰ দিবস।
নহে আদ্য নহে অন্ত অল্পমান বস॥
মনুষ্য লোকৰ যুগ হাজাৰেক গৈলা।
তেবে বিৰিঞ্চিৰ জানা প্ৰহৰেক ভৈলা॥
সত্যত কৰিয়া ত্ৰেতা যুগ নাহি কয়।
তিনিত কৰিয়া লোক কলি হৰি শয়॥
যেবে কলি যুগে সবে বাজ্য প্ৰজটিল।
এতেকে লোকত মহা অনৰ্থ মিলিল॥
হৈবেক লোকত হৰি ভকতৰ পথ।
বিপ্ৰ বাক্যে লোক সব হৈব কলি পথ॥
হৈবেক অনৰ্থ কলি লোক নিৰন্তৰ।
তিনি দিনে তিনি বাজা হৈবোক অন্তৰ॥
এক গোট অশ্ব পতি আৰো গজপতি।
অপৰ গোটাৰ নাম হৈব নৰপতি॥
তিনিৰ কাৰ্য্যকে ভিন্নে আৰো শুনিয়োক।
দুই গোটা ৰাজাত মিলিব দুখ শোক॥
অণুদিনে কলিৰ বাঢ়িব মহা বল।
আপনৰে বাপ ভাই কৰিব কন্দল॥
কৰা কণ্ঠ অৰ্থে সত্য ধৰ্ম্মক এড়িব।
বন্ধু বান্ধৱেৰে সৈতে কন্দল কৰিব॥