পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ৰূদ্ৰ যামল।

সুৰা পানি মচলাৰ লৈবে দ্বাৰা ধন।
নকৰিব কিছু জাতি ধৰ্ম্মক ৰক্ষণ॥
কতো বাজ দুত হৈযা প্ৰজতি ফুৰিব।
ধনৰ নিমিত্তে লোক মাংস চিঙ্গি খাইব॥
ব্ৰাহ্মণ জনৰ কিছু নহৈবেক লেখ।
প্ৰানীক কৰবো কৰি কবৰে আদেশ॥
অজাতিৰ নাৰী হৰিবেক ক্ৰোৰ জন।
হৈব কতো চোৰ আনিবেক পৰধন॥
সত্য বানি তাৰ আউৰ নহিব সুখত।
হব মহা খনুৱা ব্ৰাহ্মণগণ যত॥
বৈষ্ণৱৰ বেশ ধৰি পিন্ধি ধুলি কোট।
লৈবেক কত জনী অনেক আস্ফোট॥
পিন্ধিব হাতত খাৰু ক্ষেত্ৰিয়ৰ ধন।
মন্ত্ৰণা কৰিযা কতো লৈব বহুমান॥
ঘাতিব ৰাজাক হিংসিবেক বৈষ্ণৱক।
ভকতক হিংসি বন্ধু কৰিব অনেক॥
হৈবেক শুচক সাধূ সবৰ কাৰণ।
বাজাৰ আগত কহিবেক ঘনে ঘন॥
মহন্তক হিংসি আমু বাজাৰ টুটিব।
অল্পমতি সবে তাক জানি ন জানিব॥
তাকে সত্য মানি সবে সম্মত কৰিব।
পাষণ্ড সকলে ভকত দুখ দিব॥
ধনৰ নিমিত্তে কাটিবেক মনুষ্যক।
পেটুৱ ব্ৰাহ্মণে নাসিবেক জগতক॥
কহিলো পাৰ্ব্বতী কলি পাপীষ্ঠৰ কায।
বিপ্ৰতেসে হৈব কলি বেশ সমবাজ॥