তাম্ৰ কাংশ শিলা ধৰি গতিক দিবেক।
কলিত পৰম লোক জানিবেক আক॥
কাম ক্ৰোধ লোভ মোহ সকল তেজিব।
নিৰীৰ আসনে হৰি ৰূপক চিন্তিব॥
সনক সুনন্দ মহা যোগীগণ যত।
তাৰা সবে হৰি ৰূপ চিন্তে হৃদয়ত॥
তাম্ৰ কাংশ মৃতিকাৰ সাজি প্ৰতিমাক।
অতি উগ্ৰ পাতকীয়ো চিন্তিব তাহাক॥
কৰ্ম্ম ধৰ্ম্ম মন্ত্ৰ নাম কৰিয়া আচয়।
ইহ পৰলোকে গতি খুজিব নিশ্চয়॥
এহি মতে বিপ্ৰ সবে লোকক ভাণ্ডিব।
নহৈবেক গতি ঘোৰ নৰকে মজিব॥
বিগ্ৰ বাক্যে মোহ হৈয়া লোক বহুতৰ।
ভুঞ্জিব নিকাৰ কৰিবেক ভেদপৰ॥
চৌৰাশি হাজাৰ আছে নৰক দুৰ্জ্জয়।
সিটো লোকে তাক পাত্ৰ যাইবাক লাগয়॥
নাহি গতি হৈব লোক বৰ্ণত শঙ্কৰ।
মহা আত্মঘাতি পাপ কৰিব অপাৰ॥
ভৰি তালী মাৰি কতো কৰিব কীৰ্ত্তন।
তাতে মহা গৰ্ব্ব কৰি বলিব বচন॥
নহৈবেক গ্ৰেম ডাকিবেক উচ্ছ কৰি।
কতো তাতে লোক দেখি ফুৰিব বাগৰি॥
ফুঙ্কিবেক শঙ্খ শিঙ্গা কৰিব আৰাব।
ৰাম তাল বাইয়া যেন হৈবেক স্বভাব॥
এহি ভাৱে মগ্ন হব লোকগণ যত।
নহৈবেক একো গতি কলিৰ লোকত॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰূদ্ৰ যামল।