কৰ্ম্ম ধৰ্ম্ম মন্ত্ৰ কাম কৰিব লাগয়।
ইহ পৰ লোকে সুখ লভিব নিশ্বয়॥
বেদৰ নৈষ্ঠিক অৰ্থ কলিৰ ভকতি।
তাক এড়ি ধৰিবেক সবেও কুবৃত্তি॥
কটাইবেক হংস ছাগ দিব শিক্ষা মন্ত্ৰ।
ভকতি বলিয়া কতো কৰিবোক যন্ত্ৰ॥
সাধিব জীবিকা নানা কৰি কুটনাত।
পৰিবেক নানা শাস্ত্ৰ কৰিয়া আস্ফোট॥
বড় দম্ভ কৰিবেক বহু বল্ক কৰি।
কাটিবেক হাহঁ ছাগ হাতে অস্ত্ৰ ধৰি॥
পিন্ধিব ধেনুকাস্ফোট পিন্ধিব অঞ্জন।
লৈব কত জপি ধৌত কৰিয়া দশন॥
তামা তুলসী মন্ত্ৰ মাথাত ধৰিব।
অনেক কুবৃত্তি বাক্য বলিয়া ফুৰিব॥
সাজাইবেক শিলা তাম্ৰ কাষ্ঠ দারুময়।
এহি মতে হরি ৰূপ হৰিত লাগয়॥
তন্ত্ৰ মন্ত্ৰ কৰি তাক কৰিব ভূষিত।
লোকক মুহিব বাক্য বলি বিপৰীত॥
তাকে সত্য মানিবেক যত লোক নিৰন্তৰ।
কৰিব আদৰ সাৰ যিবা বাক্য তাৰ॥
পৰম অজ্ঞান পাছে হৈব লোকচয়।
তাম্ৰ কাংশে শিলে গতি দিবাক পাৰয়॥
এহিমতে বিমৰিষ কৰিবেক আতি।
তাক আচৰিব আতি কৰিয়া যুগুতি॥
মই শূলপাণী ব্ৰহ্মা আদি দেৱগণ।
মূখ্যক দিবাক নপাকহু এক জন॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ৰূদ্ৰ যামল