মুনি দুৰাচাৰ সবে কৰে উপালম্ভ।
আমাক হাসিলা সবে কৰি মহা দম্ভ॥
যি সবে আমাক কৰিলেক উপহাস।
সবে সিন্ধু শৰীৰতে হৈৱেকে বিনাশ॥
কলিৰ লগতে যাই বিপ্ৰৰূপ হই।
পৃথিবীত ফুৰে সবে ভকতি বিছাই॥
মহন্তক নিন্দা কৰিবেক মন্দ কাম।
দেৱৰ ৰহস্য বাক্য কৰিব বিৰাম॥
শঙ্কৰ বদতি দেবী শুনিয়ো পাৰ্ব্বতী।
আণু অসংখ্যাত বাক্য বলি প্ৰজাপতি॥
শুনি মুনি সবৰ কম্পিত হৈলা মন।
আমাৰ সবাৰ আবে যিভৈলা জীৱন॥
এতেকে সে আসি ধৰ্ম্ম ভৈলা পৃথিবীত।
ভকতি বিৰোধি সবে ফুৰয় লোকত॥
এহি মতে কলি বঙ্গে পৃথিবীক আসি।
বৈষ্ণৱক হিংসিবেক ভকতিক নাসি॥
নানা অস্ত্ৰ সব দেখাই কুতৰ্ক কুবৃত্তি।
কলিৱ লোকক করিবেক মল মতি॥
শ্ৰৱন কীৰ্ত্তন ভক্তি বহু নিসেধিব।
মনুষ্য লোকক অধগতিক কৰিব॥
শুনা তাসাম্বাৰ হৈব যেন প্ৰবৰ্ত্তন।
কহুতৰ শাস্ত্ৰ কৰিবেক নিবন্ধন॥
গুপুত কৰিয়া নিজ বেদক অৰ্থক।
প্ৰজট কৰিব সবে আপন বাহুক॥
নানা মত ফল লোভাই কৰিব ভাণ্ডন।
বুলিব বেদৰ নোহি অৰ্থ প্ৰয়োজন॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ৰূদ্ৰ যামল।