ব্ৰহ্মাণ্ড ভিতৰে মহা মহন্তক বাজে।
চল পৰি আৰো তাক দিলো সামবাজে॥
শঙ্কৰ বদতি কথা শুনিয়ো পাৰ্ব্বতী।
বৰ পায়া কলিৰ হৰিষ ভৈলা আতি॥
সত্য ত্ৰেতা দ্বাপৰ ইতিনি যুগ গৈলা।
শুনা তাত পৰে দেবী যেন কথা ভৈলা॥
অনন্তৰে মুনি বৰে পুচিলা ব্ৰহ্মাত।
কেনে মহাজ্ঞান ব্ৰহ্মা কহিয়ো আমাত॥
মহন্ত জনৰ কহিয়োক যেন নীতি।
কহিয়োক কাৰ কেন পৰম যুগুতি॥
কোন অনুক্ৰম আত্মা পৰ জ্ঞান নয়।
কেন মতে মহা জ্ঞানী যোগ অজ্ঞাসয॥
যাহাক জানিলে নৰ, অমৰ হোৱয়।
পৰম জ্ঞানীৰ কায্যে কৰ সাৰচয়॥
শুনিবাক ইচ্ছা দেৱ কহিয়োক সাৰ।
সিদ্ধ শৰীৰক আমি কৰো পতিকাৰ॥
এহি মতে বহুবাৰ কৰয় পুৰান।
শুনা প্ৰজাপতিৰ শঙ্কোশ ভৈলা মন॥
মনে মনে গুনিয়া বিবিঞ্চি ন পাৱয়।
আত্ম জ্ঞান সম্বন্ধত মনে নুচু বয়॥
কতক্ষণ মনে মনে ৰহিয়া আছন্ত।
বৈলক্ষিত ভাবে একো কথা নুবুলন্ত॥
হৰিক চিন্তিয়া আছে মহা পুৰ্ণ হৈয়া।
দেখি মুনিগণে অন্যা অন্যে নিৰখিয়া॥
ব্ৰহ্মাক চাহিয়া হাসিলন্ত ঘনে ঘন।
ক্ৰোধ মনে পিতামহেৰ লিলা বচন॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰূদ্র যামল।