পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ৰূদ্ৰ যামল।

আপনি ঈশ্বৰ হব।
তান ভৈলা নিজ জায়া।
দুহান্তৰ সম্বাদত।
শ্ৰোতা বক্তা পুৰাকাম।

   

ব্ৰহ্মময় মহেশ্বৰ॥
প্ৰকৃতিৰ মহামায়া॥
শুনিলা সপ্ৰেম তাত॥
ডাকি বোলা ৰাম ৰাম॥

পদ।

শঙ্কৰ বদতি জায়া শুনিয়ো পাৰ্ব্বতী।
তোমাৰ আগত কহোঁ ৰহস্য যুগুতি।
ব্ৰহ্মাৰ ঔৰসে কাল কলি উপজিলা।
পৰম দাৰূণ ৰূপ বিৰিঞ্চি দেখিলা॥
অক দেখি মনে ভয় হৈবেক ব্ৰহ্মাৰ।
কিনো মহা মূৰ্ত্তি গোট দেখিলো ইহাৰ॥
কৃষ্ণবৰ্ণ শৰীৰ হাতত দাঙ্গ বাৰি।
জানু গৰি আছে সিটো কৃতাঞ্জুলি কৰি॥
দাৰুণ পুৰুষে শূদ্ৰ ৰূপে ভৈলা যাত।
অবনত বেশে পাছে বিনায়ে ব্ৰহ্মাত॥
কোন কৰ্ম্ম কৰো প্ৰভু কৰিও আদেশ।
দিয়া ৰাজপদ তম পাওঁ উপদেশ॥
শুনি চতুৰ্ম্মুপ পাছে গুণিয়া চাহিলা।
তান ভাৱ দেখি পাছে কলি নাম থৈলা॥
লালনী পালনী পাছে দুই ভাৰ্য্যা দিলা।
দুহানত হন্তে পাছে চাবি পুত্ৰ ভৈলা॥
কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত।
গৰ্ব্ব অহঙ্কাৰ দুই জানিবা সাক্ষাত॥