বিৰিঞ্চিৰ মনস্তাপ। পাই আছে বিপ্ৰ শাপ॥
কলিকালে বিপ্ৰগণ। বোধৰ কাৰণ মন॥
বেদ অৰ্থ পৰিহৰি। জীবিকাক মন কৰি॥
পাষণ্ড অন্যায় চিত্ত। ধন জন ভাৰ্য্যাবিত্ত॥
সব লোক কৰি নাশ। নৰকত হৈব বাস॥
আবে শোকে তল যাই। এ বন উপায় নাই॥
যত লোক ৰাজাগণ। তাহাতে কৰিব মন॥
চাৰি কুড়ি চাৰি খান। আছে নৰকৰ স্থান॥
সিটো সবে পৰে যাই। তাহাতে নপাই ঠাই॥
দেখি কৃপাময় হৰি। নৰ ৰূপে অৱতৰি॥
চৈতন্য শঙ্কৰ বেশে। ৰমানন্দ হৰি ব্যাসে॥
এহি চাৰি ৰূপে হৈব। নিজ যশ প্ৰচাৰিব॥
লোক সব অপৰ্য্যন্ত। নাম দানে তৰিৱন্ত॥
একান্ত ভকতি কাম। শ্ৰৱণ কীৰ্ত্তন নাম॥
তৰিবেক বহু লোক। খন্দিব দুৰন্ত শোক॥
তাতে দুষ্ট বিপ্ৰ সব। তৰ্ক বাদে বিনাসিব॥
দেশৰ ৰাজাৰ হাতে। বিষয় কৰিব তাতে॥
কহিলোঁ তোমাত যেন। বিপ্ৰ সব বধূ হেন॥
এহিটো পাষণ্ড শুনা। কহিলো তোমাত জানা॥
তোমাৰ পুজাত যত। পাষণ্ডৰ অভিমত॥
পাৰ্ব্বতী বোলয় স্বামী। কি কথা শুনিলো আমি॥
তোমাৰ বচন শুনি। মনে মনে আছোগুনি॥
যত মহা মুণিচয়। সব সিদ্ধ ব্ৰহ্মময়॥
তাসাম্বাক শাপিলন্ত। কিবা দোষ কৰিলন্ত॥
কহিও ত্ৰিশূল ধৰ। শুনিবাক মনোহৰ॥
শুনিয়োক সভাসদ। দ্বিপিকা চন্দৰ পদ॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
ৰুদ্ৰ যামল