পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ৰূদ্ৰ যামল

মোৰ কিছু ভকতিক নভৈল তোমাত।
মহা অহঙ্কাৰে মই ভৈলো অধঃপাত॥
এতেকেসে কৰজোৰ কৰোঁ প্ৰভূ ৰাম।
সদা নচাবোক মোৰ মুখে তযু নাম॥
বোলয় পুরুষোত্তম মই অল্পমতি।
মুখে ৰাম ৰাম বোলা খণ্ডেক দুৰ্গতি॥

যুমুরি।

শঙ্কৰে বোলন্ত জাযা। 
মহা গোপ্য কথাচয়।
ভাৰত বৰ্যৰ মাজে।
বিপ্ৰ বাক্যে মোহ যাই।
হংস ছাগ বলি কৰি।
তুমি গতি দিবা বলি।
পৰম ঈশ্বৰ দেৱ।
তোমাকে সে ধ্যান কৰে।
দুৰাচাৰ বিপ্ৰগণ।
ইহলোকে শুনা যেন।
এহি আশা দৰশাই।
মোৰ নিজ ইষ্ট দেৱ।
তাহাৰ কিঙ্কৰ আমি।
তোমাক স্বতন্ত্ৰ মাণি।
ব্ৰহ্মা বেদ বাক্যে থাকি।
তযু শিক্ষা দিব টানি।

   

তোমাতে বেকত হয়॥
নষ্ট যাই সামৰাজে॥
কাৰো একো গতি নাই॥
তোমাৰ নামক স্মৰি॥
লোকত কহয় তুলি॥
তাহাক নকৰে সেৱ॥
তোমাক স্মৰয় নৰে॥
আশা দিয়া লোভাই মন॥
পৰলোকে স্বৰ্গে স্থান॥
তোমাক পুজিব জাই॥
হৰি পাৱে কৰো সেব॥
নিশ্চয় কিঙ্কৰী তুমি॥
পূজে দুৰাচাৰ প্ৰাণী॥
প্ৰভুৰ নামক ঢাকি॥
শুনা দেবী মহামায়া।
বোলে অলৌকিক বাশি