মুনি সমস্তেও ব্ৰহ্ম বাক্যক বলিলা।
পাৰ্ব্বতীৰ আগে হৰে তাহাকে কহিলা॥
শুনা সৰ্ব্বজন ইটো পৰম গহন।
ব্ৰহ্মাৰ আগত কৈলা হংস নাৰায়ন॥
যাতো হংস নাৰায়নে ব্ৰহ্মাত কহিলা।
এতেকে ইহাৰ নাম হংস কাকি থৈলা॥
বত্ৰিশ হাজাৰ আৰো শ্লোকৰ টিকাৰ।
শুনি মাত্ৰ শ্ৰুতি নথাকয় পণ্ডিতৰ॥
সৱ শাস্ত্ৰ বিছাৰি ইহাতে লাগ পাই।
চাৰিও যুগৰ ধৰ্ম্ম আছে সমুদায়॥
এতেকে ইহাৰ আমি কিছুমান ছাই।
মতি অনুসাৰে তাক কহিলো বুজাই॥
এতেকে শ্লোকৰ তত্ব গণিব নোৱাৰি।
তথাপি কহিলো গুৰু আজ্ঞাক আছৰি॥
মই মহা অহম্মৰ্ম্ম অধম দুৰ্ব্বাৰ।
শ্ৰীৰামোৰ বংশে ভৈলো মহাৰাজা সাৰ॥
একখণ্ড পৃথিবীৰ ভৈলো অধিপতি।
মোহঁৰ সমান কোনে আচয় নৃপতি॥
গজ বাজী ৰথ পদাতিৰ সীমা নাই।
এহি মদগৰ্ব্বে মোৰ দিন বহি যাই॥
কালৰ হাতত সবে মত্ত হোৱে ঠাই।
কোন বেলা মৰি যাই দান্ত নিকটাই॥
গজবাদী প্ৰজা ধনধান্য আছে যত।
সবে পৰি থাকিৱন্ত আপোন স্থানত॥
সিকালত মোহঁৰ সহায় কোনো নাই।
হেন ৰামচন্দ্ৰ বিনে নাহিকে সহায়॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৩৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ৰূদ্ৰ যামল।