বৈষ্ণৱ ভকত যত আছে ত্ৰিলোকত।
তাসাম্বাৰ অধিপতি নাহি সিসবত॥
মই মহাজন আৰো যম প্ৰজাপতি।
আমি সব তিনিক জানিয়া কৰা স্থিতি॥
আমি হৰি ভকতৰ নাহি অধিকাৰ।
মহন্ত বৈষ্ণৱৰ সব বাহিৰ আমাৰ॥
পেটপুষা ধ্ৰুৱ ৰাজা মন্ত্ৰিগণ যত।
কৰিবেক অধিকাৰ ডাৰ সমস্তত॥
মহন্ত ভকত নিন্দি আয়ু হত হব।
চল্লিচ পঞ্চাশ দশ বিশ মাত্ৰ ৰৈব॥
যজ্ঞযোগ সবতাৰ কিছু নহৈবেক।
ধন আগ্ৰহত মৰি যাইবেক প্ৰত্যেক॥
কহিলোহো দুষ্ট ৰাজা সবৰ সহত্ত।
হেনয় দুৰ্নীতি হব কলিৰ কালত॥
এহি মতে কৈলাহৰে গৌৰীৰ আগত।
নৃপতি কলাৰ কথা হৈল সমাপত॥
আৰে বুদ্ধ জন শুনা পাতি কান।
ব্ৰহ্মাৰ আগত কৈলা হংস নাৰায়ণ॥
তাহাক কহন্ত হৰে গৌৰীৰ আগত।
চাৰিও কালৰ কথা কৈলা সমস্তক॥
কলিত হৈবেক জানা অল্পায়ু আচাৰ।
পাষণ্ড আচাৰে লোক হৈব একাকাৰ॥
অক্ৰিয়া অনাথ কৰিবেক দুষ্ট কলি।
ধৰ্ম্মত কৰিয়া মহাপাপ হৈব বলি॥
হৈবেক পাষণ্ড লোক কলিৰ কালত।
বোলে প্ৰজাপতি কাক কহিয়ো সমস্ত॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৩৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ৰূদ্ৰ যামল।