পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ৰূদ্ৰ যামল।

লক্ষেক নৃপতি, লেখন কৰয়
 যদি গুনাধিক হয়।
দশ কুড়ি যদি, বঢ়াটুটা হয়
 নৰেন্দ্ৰ তেৱে বোলয়॥

পদ৷

তিনিও লোকৰ কথা কহিলো সম্প্ৰতি।
কলিৰ কথাক আবে শুনিয়ো পাৰ্ব্বতী।
কলিৰ নৃপতি যত মোৰ অংশে যাত।
তাসাম্বাৰ কথা কহোঁ তোমাৰ আগত॥
কলিৰ ৰাজ্যত ধৰ্ম্ম পুল্ৰ যুধিষ্ঠিৰ।
শতেক বৎসৰ ৰাজ্য ভূঞ্জি মহাবীৰ॥
জম্বুদ্বীপ অধিপতি পৰম গহন।
বিপ্ৰ বন্ধু সবাকে পালিব মহাজন॥
তান নাতি পৰিক্ষিত হৈব নৃপবৰ।
মহাবিৰ ধনুূৰ্দ্ধৰ নাহি তাত পৰ॥
তৰুণ কালত তেহে শৰীৰ তেজিব।
ঈশ্বৰৰ ইচ্ছা ব্ৰহ্মা শাপত মজিব॥
যাগ কৰিবেক জন্মিজয় মহামানী।
তক্ষকে দংশিব তাক পূৰ্ব্ব শত্ৰু জানি।
মহামুনি সূকে কব ভাগৱত শাস্ত্ৰ।
এতেকে হৈবেক ৰাজা মুকুতিৰ পাত্ৰ॥
জন্মিজয় ৰাজা আৰো তাহান তনয়।
হস্তীনা পুৰত ৰাজা হৈবেক দুৰ্জ্জয়॥