এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
ৰূদ্ৰ যামল।
পৰম গৰিষ্ঠ, প্ৰজাক পালন্ত
তান সম নাহি আৰ॥
বলে প্ৰৰাক্ৰমে, ৰথে সবে সমে
ধনূুৰ্দ্ধৰ মহাশয়।
পৃথিবী মণ্ডলে আন থাকন্তেক
বাসবক গন্য নয়॥
অপেক্ষা নকৰি, দিব্য ৰথে চৰি
ৰাজ্যক কৰে যতনে।
ত্ৰেতা যুগে যত, প্ৰজাক পালন্ত
হেন মহা ৰাজাগণে॥
যম ৰকনক, কতাক্ষ নকৰে
প্ৰচণ্ড অতি প্ৰতাপ।
সামান্য প্ৰজাৰ, যেন বাপ মাঁৱ
দুৰ্জ্জনক দেন্ত তাপ॥
নাহি দণ্ড বন্ধ, মছল প্ৰবন্ধ
নাহি কিছু কৰভাৰ।
প্ৰত্যেক নৃপতি, যিটো দ্ৰব্য দেই
জীবিকা হোৱে তাহাৰ॥
লক্ষ্মীৰ বিভূতি, প্ৰজ্ঞাত হোৱয়
দেখিয়া কীৰ্ত্তি কৰয়।
বৈষ্ণৱ সকলে, আসংস৷ দিবন্ত
চিৰজীবি নৃপবৰ॥
ভৃব্য ভোগ ভুঞ্জি, যি মতে থাকয়
মুকুতি সবৰ ৰায়।
তাতো দশ গুনে, প্ৰজাৰ উচিত
নৃপতি যশ পাৱয়॥