পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ৰূদ্ৰ যামল।

মহন্তৰ বাক্য লঙ্ঘিবেক বেদান্তৰ।
সকল শৰীৰে কষ্ট ৰোগ হোবে তাৰ॥
পাছে মহামুনি সূকে উপদেশ দিব।
অনুক্ৰমে অষ্টাদশ ভাৰত শুনিব॥
গুচিবেক পাপ ৰোগ সন্তৰ কৃপাত।
কোনেনো ন সাধে সুখ সাধূৰ সেৱাত॥
মথুৰাত ৰাজা হোৱে ব্ৰজ মহাশয়।
জয়সেন কৃপাতে সে প্ৰজাক পালয়॥
সেহি ধৰি নৃপতি স্ব অঙ্গ নাহি তাত।
অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজা অসংখ্যাত॥
ৰাজবংশী নোহিবেক চিহ্ণ নাহি কয়।
সাধন কৰিয়া যাই নৃপতি হোৱয়॥
নাহি ৰাজনীতি প্ৰজা পালিবৰ কাম।
যাক নতো প্ৰচাৰে নৰৰ ৰাজা নাম॥
ৰাজা ৰাজমন্ত্ৰিৰ চৰিত্ৰ কিছু নাই।
অংশক সাধন ভৈলে ৰাজা হৈব যাই॥
ৰাজ্যক পিৰিয়া লৈবে কৰ ভাৰ যত।
সুখ দুখ নজানে প্ৰজাৰ যেন মত॥
বহু কাল ময় কৰি বেক সুখ ভোগ।
নজানয় মনত বিষয় উপভোগ॥
বোলে মোৰ পুত্ৰক অকষ্টে ৰজা দিবু।
যত বৈৰিগন মাৰি নিশত্ৰু কৰিবু॥
এহি মানে চন্ন কৰি দুষ্ট ৰাজা যত।
পিৰয় প্ৰজাক মহা গৰ্ব্বে হুয়া মত্ত॥
কালে ধৰি আছে কেশে নপায় উমান।
নিতে নিতে তাৰ মোহ হৰে বিদ্যমান॥