পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
ৰূদ্ৰ যামল।

চোৰ শঠ দুৰ্জ্জন অসন্ত খলুৱাক।
ন সহয় বসুমতী তাহাৰ ভৰক॥
তাসাম্বাক নাসিয়া পেলন্ত বসূমতী।
এহি হেতু তাসাম্বাক বোলে মহিপতি॥
সন্তক পালন কৰে দুৰ্জ্জনৰ ত্ৰাস।
ভকতৰ বৈৰিক কৰয় সৰ্ব্বনাস॥
সিকাৰণে ধৰ্ম্মপাল প্ৰখ্যাত নামৰ।
শ্ৰৱণ কীৰ্ত্তম ধৰ্ম্ম ৰাখে ভকতৰ॥
জপ জজ্ঞ আচৰয় লোকগণ যত।
তাতে ধন ৰত্ন বস্তু লাগয় সমস্ত॥
বড় অনুবন্ধ কৰি সবাক দিবয়।
তাৰ এক ভাগ ধৰ্ম্ম নিশ্বয় পাবয়॥
তাতে যজ্ঞপতি নাম বেদতে প্ৰক্ষাত।
প্ৰজাপতি নাম তাৰ বলয় ইহাত॥
এহি মনে কহিলোহোঁ ভূপালৰ স্থিতি।
আৰো নাম বহু আছে জানিবা পাৰ্ব্বতী॥
এহেতু ধৰণী কলা কহিলো নিশ্চয়।
ইহাৰ মাজত আছে দুষ্ট দুৰাশয়।
যেন নাম ভৈলা আৰো ধৰণী পালক।
পৰম অন্তক দুষ্ট সন্ত বিঘাতক॥
বোলে মোত পৰে আছে কোন বৰদেৱ।
এতে কেসে মোকে মাত্ৰ কৰন্তোক সেৱ॥
ৰক্ষা হৰ আদি কৰি মোহোৰ পালন।
মোক পৰে যিটো পূজা কৰে আনজন॥
নিশ্বয় বলিলো মই কাতিবু তাহাক।
এই বুলি সকল লোকক দিল হাক॥