পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ৰূদ্ৰ যামল।

কৈলা বৈষ্ণৱৰ চৰিত্ৰক মনোহৰ।
শ্ৰৱণ কীত্তন মাত্ৰ ধৰ্ম্ম শ্ৰেষ্ঠত্তৰ॥
তোমাৰ প্ৰসাদে প্ৰভো জানিলো ইহাক।
আবে ৰাজা সমুহৰ কহিও কথাক॥
কত মান নগৰ ধৰণী প্ৰদেশত।
কোন ৰাজাগণ ভৈলা ঈশ্বৰ স্ৰজিত॥
তেজে অংশে কত ৰাজ্ব হুয়া আছে জাত।
ব্ৰহ্মাযে কৰিছে কত নৃপতি প্ৰখ্যাত॥
কহিও ত্ৰিশূলধাৰি শুনু ৰঙ্গ কৰি।
হেন শুনি শঙ্কৰে মাতিলা হাস্য কৰি॥
শুনা সৰ্ব্বজন কৃষ্ণ কথা অবিশ্ৰাম।
মহন্ত সবাক পৰি কৰিও প্ৰণাম॥
কহয় পুৰুষোত্তম এড়ি আন কাম।
নিৰ্ম্মল স্বৰূপ হুয়া বোলা ৰাম ৰাম।

চবি।

শঙ্কৰ বদতি দেবী, শুনিয়োক মহামায়া
 পূৰ্ব্বাপৰ কথা যে সমস্ত।
যত যত মহাৰাজা, ধৰণী মণ্ডলে সবে
 সামান্য ৰাজাৰ লেখা কত॥
কিছু কিছু বাচি, নগৰৰ নাম শুনা
 কহিবো ৰাজাৰ লেখা মানে।
মণু পুত্ৰ বলি তাক, জানিবা ধৰণী পাল
 আৰো নাম শুনা সাৱধানে॥