পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ৰূদ্ৰ যামল।

তাৰে নাম মহিপতি, ভূপাল তাহাকে বলি
 ভূৱনেশ্বৰ তাৰ নাম হয়।
সাত খণ্ড পৃথিবীক,  পালন কৰিয়া থাকে।
 দেৱতাৰ সাথৈ সবে জয়॥
তাঁহাকে সে নৰেশ্বৰ, বোলে সব শাস্ত্ৰগণে
 ব্ৰহ্মাত কৰিয়া আকে জানে।
চাসাম্বাৰ সৰি বৰি,  বাসব নুহিকে কাৰ্য্য
 প্ৰজাপতি সব ভৈলা মানে॥

পদ।

শুনা সবে ৰাজা সমূহৰ ৰজা যত।
তাৰ নাম কহোঁ শুনা তোমাৰ আগত॥
সিন্ধুপুৰ নাগপুৰ আৰো নাগপুৰ।
মণিপুৰ ৰঙ্গপুৰ ৰঙ্গ ব্ৰজপুৰ॥
চন্দ্ৰমালা ৰত্নমালা ধৰ্ম্মমালা সাৰ।
হেমশ্ৰুবা হেমকুট বিৰাট বিদাৰ॥
অসি চন্দ্ৰ অযোধ্যা অপৰ চন্দ্ৰমালা।
সোণ কাঞ্চি কিস্কিন্ধা কুমুদ ভদ্ৰা কলা॥
জয়ঁন্তী মিথিলা মৰুতা লঙ্কা মিহিৰা।
মণিবন্ধ ইহাটি কোসানী গজপুৰা॥
মনজিক চামা বৃন্দা পুৰা অলিপৰ।
মৃগপুৰ কঞ্চাৰ সুৰাট বৃশোপুৰ॥
সঙ্কেটা যামল চম্পা ভদ্ৰা সৰচয়।
অপুৰা অমিতাকুণ্ড পুৰযে কুশয়॥