এহি সব নোহিবেক মনৰ গোচৰ।
সাবাহাঙ্কে দেখিবেক নাৰায়ণ পৰ॥
সুখ দুখ ভালাভাল জয় পৰাজয়।
হৰি বিনে নাহি আন জানিবা নিশ্চয়॥
বহুবিধ ধৰ্ম্ম ৰহি আছে বেদচয়।
লোভাৰিষ্ট হুয়া নৰ তাহাতে পৰয়॥
নিশ্চয় বেদৰ ভক্ত হৰি ভক্তি সাৰ।
ঋষি সবে নানা ফল লোভ দিয়া তাৰ॥
অজ্ঞানী প্ৰাণীক সবে কৰিয়া উন্মত্ত।
তাহাতে পৰিয়া কৰে তাহাতে সেৱত॥
এহি হেতু সংসাৰত জনম মৰণ।
ইহাক জানিব যিটো সেহি মহাজন॥
শ্ৰৱণ কীৰ্ত্তন বিনে ধৰ্ম্ম নাহি আৰ।
আনু সবাহাকে কৰিবেক পৰিহাৰ॥
ন কৰিব তীৰ্থ প্ৰতিমাক আৰাধিব।
তীৰ্থৰ অভাৱ যিটো কৃষ্ণক ভজিব॥
প্ৰতিমাদি পৰিচৰ্জ্জা কৰিব ভক্তিক।
আত্ম বুদ্ধি কৰিবেক মহন্ত জনক॥
পঞ্চ তত্ত্ব পঞ্চ ৰস পঞ্চ গুণ সাৰ।
সৰ্ব্বদায়ে কৰিবেক ইহাক বিচাৰ॥
হেন শুনি মহামুণি বলিলা বিনয়।
কহিলা বৈষ্ণৱ জ্ঞান দেৱ কৃপাময়॥
বৈষ্ণৱৰ জাতি ভেদ বৰ্ণ আছে নাই।
সূৰ্য্য-শকতি সাধুৰ পাৱে কিবা নাই॥
ইহাক কহিয়ো প্ৰভূ শুনো ত্ৰিপুৰাৰি।
তুমি আক জানা আনে জানিব কি কৰি॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ৰূদ্ৰ যামল