পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰূদ্ৰ যামল।

অনেক শাস্ত্ৰক আনি বিচাৰি প্ৰৱন্ধে।
ৰচিলোঁ পয়াঁৰ আমি হ্ৰস্ব দীৰ্ঘ চন্দে॥
গুৰুৰ চৰণ মনে কৰিয়া প্ৰণাম।
ভণিলা পুৰুষোত্তমে এড়ি আন কাম॥
শুনিও পাৰ্ব্বতী বৈষ্ণৱৰ যেন নীতি।
চাৰিও যুগত বৈষ্ণৱৰ হব খ্যাতি॥
শুনা হংস নাৰায়ণ ব্ৰহ্মাত কহিলা।
ৱৈষ্ণৱৰ লক্ষণ যি মতে প্ৰৱন্ধিলা॥
ভকত বৈষ্ণৱ যেন শুনা তান থান।
প্ৰথমতে গুৰু মূখে লভিবেক জ্ঞান॥
ইন্দ্ৰিয়ক দমি শাস্ত্ৰ কৰিব বাখ্যান।
সগুণ নিৰ্গুণ ধৰ্ম্ম কৰিব বিধান॥
বুজিয়া ৰহিলা যেবে জ্ঞানৰ প্ৰমাণ।
ধৰ্ম্ম অৰ্থ কাম মোখ্য নেদিবেক কাণ॥
বেদ শাস্ত্ৰ সম্প্ৰদাক কিছু ন লঙ্ধিব।
শ্ৰৱণ কীৰ্ত্তন ভক্তি ইহাক জানিব॥
তিনি বিধ লীলা সুমৰিব কেশৱৰ।
প্ৰণামি সকল নৰ কৰিব যেপৰ॥
যি আছে যিবা পাই সিসব ভজিব।
মনে মাধৱৰ পাৱে সকল অৰ্প্পিব॥
পুত্ৰ পত্নী আছে মানে ঐশ্বৰ্য্য সকল।
কৃষ্ণৰ চৰণে মনে অৰ্প্পিবে কেবল॥
হৰি গুণ নাম সদা মুখত নেৰিব।
ঘনে ঘনে মাধৱক হৃদয়ে ধৰিব॥
মোহ মায়াঁ, বাগ মল মদ কাম যত।
দন্ত দৰ্প আছে মানে এড়িবা সমস্ত॥