পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ৰূদ্ৰ যামল।

পাৰ্ব্বতী বদতি গুৰু শুনা ত্ৰিলোচন।
আসাম্বাৰ বন্দনিয় নাহি এক জন॥
শঙ্কৰে বোলন্ত জায়াঁ শুনিও বচন।
মই হৰ আৰ ব্ৰহ্মা বিষ্ণু তিনি জন॥
আসাম্বাৰ বন্দনি এহি সে তিনি হয়।
মহা গোপ্য কথা কহোঁ তোমাত নিশ্চয়॥
বৈষ্ণৱেসে বিষ্ণু আক জানিবা সত্তৰ।
অছিয় ব্ৰাহ্মণ গুণ যিসব বিপ্ৰৰ॥
কৃষ্ণৰ একান্ত দাস ভক্ত যিটো জন।
এহি তিনিৰ সে সদা বন্দিব চৰণ॥
ইন্দ্ৰ আদি কৰিয়া প্ৰণাম ন কৰিব।
যিটো সেৱা লোৱে আয়ু শ্ৰীহট্ট হব॥
পূৰাণ সংহিতা বেদ সবাৰ ৰচন।
তোমাত ৰহস্য কথা কৈলোঁ উদাৰণ॥
এহি মতে বিপ্ৰৰ চৰিত্ৰ কলা গৈলা।
বৈষ্ণৱ কথাক হৰে কহিবাক লৈলা॥
বোলয় পুৰুষোত্তমে মই অল্প জন।
অগাধ সাগৰ হৰ গৌৰীৰ চৰচণ॥
তাক কাঢ়ি লৈয়া মই যুজিঁবাক লৈলোঁ॥
যাতো গুৰু দেৱতাৰ আজ্ঞাক লভিলোঁ॥
তেহেন্তে ঈশ্বৰ ৰামচন্দ্ৰ কৃপাময়।
তান বংশে জন্ম মোৰ হয় যে আচয়॥
সঞ্জত্তম ভাঞ্জ যেন মন পটন্তৰ।
ৰাঘৱৰ বংশে হেন মোৰ পটন্তৰ॥
আৰো ৰাজ্য সম্পত গৰ্ব্ব হোৱে যাত।
ক্ষমা পুনু কৰিওক বৈষ্ণব সমস্ত॥