সমললৈ যাওক

পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূদ্ৰ যামল।

সেহি ৰাজ দুত হোবে দক্ষিণ কাষত।
শুনা তাৰ কহোঁ দেহা গোট যেন মত॥
তিনি ভাজ দেহা তাৰ যেন পৰশিলা।
শুকান পুখৰী যেন হৃদয় কুটিলা॥
মৌ বাহা সম নাসা দুই হাত ঢুতি।
ডাঙ্গৰ অবৰ দন্ত আচন্ত আকুতি॥
সূৰক দশন কেশ কৰতি ধবল।
ভেঙ্গুৰা চৰণ গাৱ পৰ্ব্বত সুচল॥
দেখান মাত্ৰকে মন পাণক হৰয়।
হেন দুত সব জানা উপাসি থাকয
পাপ পুণ্য অনুক্ৰমে যত দুখ ৰাশি।
যাক যেহি ভাগে নিবে সেহি নিয়ে আসি॥
হেন শুনি গোঁসানীৰ কম্পিত হদয়।
আৰ নকহিব বলি স্বামীক বাধয়॥
হেন শুনি ত্ৰিলোচনে মৌন হৈয়া ৰৈলা।
দেবতা কথাক হৰে সমপ্পিয়া থৈলা॥
পুৰুষোত্তম মহন্ত জানা মোৰ নাম।
শিৰ পযাৰ ইটো এৰি আন কাম॥
জানি দুঃখ সাগৰে তৰিবা কৰাৰাম।
নিৰ্ম্মল স্বৰূপে সবে বোলা ৰাম ৰাম॥

⸻⸻⸻⸻