পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূদ্ৰ যামল৷

দুলড়ি।

শঙ্কৰ বদতি, শুনিল পাৰ্ব্বতী
 দেৱতা কৈলা যিমত।
আবে ব্ৰহ্মা কৈলা, শুনা এক মনে
 কহিবোঁ তযু আগত॥
অগস্তি পোলস্তি, কশ্যপ কপিল
 পৰাশৰ বৈশ্যানৰ।
নামদগ্নি ৰাম, আস্তিক কুমাৰ
 দধিচি কপিলা পৰ॥
বশীষ্ট গৌতম, ভৰদ্বাজ নাম
 মুকন্দু মধু মাধৱ।
বিশ্বামিত্ৰ ধৰ্ম, কুচাণ্ড কৰ্দ্দক
 ভাৰ্গ বীয় সুভাৰ্গব॥
অত্ৰি ৰাম দেৱ, অঙ্গিৰা নাৰদ
 দ্বৈপায়ন সুক মুনি।
ৰিষ্যশৃঙ্গ কলু, দুৰ্ব্বাসা মান্দব্য
 কুশধ্বজ মধু মুণি॥
এহি মত বিপ্ৰ, পঁচিশ হাজাক
 আৰু আছে অসংখ্যাত।
পৰম যোগেন্দ্ৰ, সৰ্বে ব্ৰহ্ম বক্তা
 ব্ৰহ্মায়ে স্ৰজি আছন্ত॥
বিৰিঞ্চিৰ সম, পৰম গহণ
 সৃষ্টি কৰিবাক পাৰে।
নাহিকে সংশয়, সবে ব্ৰহ্মময়
 দেৱক ৰক্ষণ কৰে॥