আউৰ তাসাম্বাক দেখি উপহাস কৰে।
মহন্ত জনৰ মহা দ্ৰোহক আচৰে॥
সেহি পাপে ভ্ৰষ্ট হৈয়া থাকে উত্তৰত।
শুকৰৰ সমতাৰ লোম শৰীৰত॥
পাছ লাগি মুখ গোট উভতি থাকয়।
পাছক লাগিয়া দেখে আগে নেদেখয়॥
সাল বৃক্ষ সদৃশ শৰীৰ ভয়ঙ্কৰ।
কুলা হেন কাণ ভেণ্ডৰা নাক তাৰ॥
দুই গোটা চক্ষু তাৰ ৰাঙ্গলি সম সৰ।
দেখান মাত্ৰকে শ্ৰুতি হৰে নিৰন্তৰ॥
আতুৰ নহৈয়া কৰে লোকক পিড়ন।
বিপ্ৰ বৈষ্ণৱৰ ধাৰ লোৱে বহু ধন॥
ৰাজা হৈযা সবাকে পিড়ব দুৰ্জ্জন।
অন্যায় কৰি লোকে আৰু অনেক ধন॥
লোকৰ জীবিকা ছল ৰাজা হৈবা কৰে।
দুষ্ট মন্ত্ৰিগণে মহা পাপক আছৰে॥
বোলে মোৰ ৰাজ্যভাৰ খুজিব নিশ্বয়।
এহি চল বাদে জানা লোকক হিংসয়॥
মহাপাপী জন সিটো অকথা কৰয়।
মই বিনে তাক কোনে সাৰাব পাৰয়॥
মন্ত্ৰি সবে লোকক যি কৰে মহামাৰ।
ধন ধান্য আগ্ৰহি সকলে লোৱে তাৰ॥
এহি সব মহা মহা পাপক আছৰে।
আয়ু শ্ৰী, যশ, ধৰ্ম্ম নাশ হৈয়া মৰে॥
গুরুজনক ঈশ্বৰ সমান দেখিয়া আৰু মানিবা।