পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্রীড়া।


জগতৰে বন্ধু আতমা তুমি।
সমস্ত ধৰ্ম্মৰ আপুনি ভূমি॥
তুমি আত্মা হেন জানি সম্প্ৰতি।
তোমাতেসে কৰে ভকতে ৰতি॥
নলাগে পতি পূত্ৰ দুঃখ হেতু।
হুয়োক প্ৰসন্ন গৰুড় কেতু॥
কৰিছো আশা যিটো চিৰকাল।
নকৰিয়ো তাক ভঙ্গগোপল॥
হৰিলা চিত্ত নথাকয় ঘৰে।
হস্ত দুই গৃহ কৃত্য নকৰে॥
তোমাক এড়িয়া নচলে ভৰি।
ব্ৰজক গৈয়া কি কৰিবে হৰি॥
জ্বলে কামানল তোমাৰ গীতে।
নিমায়োক তাক অধৰামৃতে॥
নোহি বিৰহতে দহিয়া তনু।
লভিবো তোমাৰ সমীপ পুনু॥
হুয়োক প্ৰসন্ন জগনিবাস।
সব ত্যজি কৈলো তোমাতে আশ॥
নমাৰা পুড়িয়া ঈষত হাসি।
পুৰুষ ভূষণ কৰিয়ো দাসী॥