পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্ৰীড়া।

অলকা আবৃত তোমাৰ মুখ।
অধৰ সুধাক দেখতে সুখ॥
ভ্ৰুব যুগ তযু ঈসত হাসি।
দেখি তাক প্ৰভু ভৈলোহো দাসী॥
তোমাৰ শুনিয়া অমৃত গীত।
নোহিবে মোহ কোন স্ত্ৰীৰ চিত্ত॥
আছোক আন বৃক্ষ পশু পক্ষী।
প্ৰেমে পুলকিত তোমাক দেখি॥
দেৱৰ ৰক্ষক যেন মুৰাৰি।
ব্ৰজৰো তুমি দুঃখ ভয়হাৰী॥
জানিলা যুড়াযো আনাৰ প্ৰাণ।
শিৰত হস্তপদ্ম দিয়া দান॥
কামে বশ্য হুয়া গোগী যতেক।
বুলিলা বিহ্বল বাক্য অনেক॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥