পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্রীড়া।


কুচৰ কুঙ্কুম মানে লোতকে তিতিল।
থাকিল নিচুকি মুখে বচন হৰিল॥
চৰণে ভূমিক লেখে দেখে তমোময়।
বোলা হৰি হৰি হোক পাপৰ প্ৰলয়॥

ঘোষা।

গোপাল কৃষ্ণ কৰহ ত্ৰাণ।
তোমাক নেদেখি নসহে প্ৰাণ॥

শোকক স্তম্ভায়া গোপী সকলে।
মলচিলে মুখ আখি অঞ্চলে॥
গদ গদ মাত মুখে নোলাই।
বুলিবে লাগিল কৃষ্ণক চাই॥
ভকত বৎসল তোমাক জানি।
কেনে বোলা হেন ঘাতুক বাণী॥
সমস্ত বিষয় এড়িয়া স্বামী।
ভজিলো তোনাৰ চৰণে আমি॥
ভজিয়ো আমাক মিলোক ভাগ।
নকৰা নাথ ভকতক ত্যাগ॥
কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম্ম।
তোমাতে আছোক সি সব ধৰ্ম্ম॥