পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্রীড়া।

দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি।
ঐত নথাকিবা তোৰা সব স্ত্ৰীমতি॥
তোমাসাক নেদেখিয়া পিতৃমাতৃচয়।
তাসবাৰ মনে মহা মিলিব সংসয়॥
দেখিলাহা ইটো বিকশিত বৃন্দাবন।
শশাঙ্কে ধৱল নৱ পল্লৱে শোভন॥
উলটি ব্ৰজক যাহা কান্দে শিশুগণ।
তাসম্বক প্ৰতিপালি পিয়ায়োক স্তন॥
উপপতি সমে ক্ৰীড়া গৰিহিত কৰ্ম্ম।
স্বামীক শুশ্ৰূষা কুলস্ত্ৰীৰ মহা ধৰ্ম্ম॥
যদিবা আমাক স্নেহে আইলা গোপীগণ।
মোক আবে দেখিলা শিজিল প্ৰয়োজন॥
বিদূৰতে থাকি কৰে শ্ৰবণ কীৰ্ত্তন।
বাঢ়ে মোত ভকতি নিম্মল হোৱে মন॥
নেখন্তে শুনন্তে সদা হেলা হোৱে মতি।
জানিয়া গৃহতে থাকি কৰিয়ো ভকতি॥
কৃষ্ণৰ অপ্ৰিয় বাণী শুনি গোপীগণ।
পাইলেক দুৰন্ত চিন্তা বিবৰ্ণ বদন॥
ওলমাইল মুখ অতি পায়া দুঃখ ভৰ।
সঘনে নিশ্বাস কাঢ়ে শুখাইল অধৰ॥