পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাস ক্ৰীড়া।

ঘোষা।

ভৱহাৰী হৰি তাৰহু মুকুন্দ মুৰাৰি।
জনম মৰণ ক্লেশ সহিতে নপাৰি॥

শুক নিগদতি ৰাজা শুনা মহাশয়।
গোপীকাৰ মোক্ষ দেখি নুহিবা বিস্ময়॥
দ্বেষ কৰি শিশুপালে লভিল মুকুতি।
বুদ্ধিক নোপাশে মহৌষধিৰ শকতি॥
বিষ বুলি অমৃতক পিলে যিটো নৰ।
নুহিবেক হেন জানা অজৰ অমৰ॥
যেনে তেনে মতে মাত্ৰ স্মৰোক সততে।
এতেকে মুকুতি পাৱে কহিলো বেকত॥
ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত।
যাত হন্তে পাৱে মোক্ষ স্থাবৰ পৰ্য্যন্ত॥
নিৰপাৰ হৰিৰ ভকতি নুহি বৃথা।
গোপী গোপালৰ আবে শুনা পাছ কথা॥
যেবে সবে সমীপ পাইলেক গোপনাৰী।
তাসবাক বাক্যে মোহি বুলিলা মুৰাৰি॥
কুশলে কি আইলা কয়ো ব্ৰজৰ কল্যাণ।
প্ৰিয় কৰ্ম্ম কৰো কিবা কহিয়ো নিদান॥