পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ৰাস ক্ৰীড়া।


দেখি আষ্ফালিল শিঙ্গত ধৰি।
তাৰো প্ৰাণ লৈলা ঘাৰ মচৰি॥
দেখি আসিলেক কেশী অসুৰ।
হ্ৰেবনি শুনি কম্পে গোপপুৰ॥
লাঞ্জৰ ছাটিত মেঘ উড়াই।
দেখিয়া প্ৰভু তাক গৈলা ধাই॥
পাছে চণ্ড বেগে অসুৰ আসি।
হানিলেক লাথি ভৰি উল্লাসি॥
এড়াইলা তাঙ্ক শ্ৰম কৰি হৰি।
আছাৰি পেলাইলা পাৱত ধৰি॥
আসিল কেশী দুনাই বেন্ত বাই।
বাম বাহু তাৰ মুখে ভৰাই॥
বঢ়াইলা প্ৰভু আতি বৰ বেগে।
ভেণ্টিল গল যেন গৰ্ভ-ৰোগে॥
ভুমিত পড়িল চেতন হৰি।
চক্ষু ওলটাই আছাড়ে ভৰি॥
মৰিল অসুৰ ছাদি ৰুধিৰ।
বাজ ভৈল বাহু ফাটি শৰীৰ॥
কেশী-বধ দেখি হাসি হৰিষে।
ব্ৰহ্মা আদি দেৱে পুষ্প বৰষে॥