পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ৰাস ক্ৰীড়া।


যেহেন সুবৰ্ণমণি মাজত।
প্ৰকাশি আছে যেন মৰকত॥
দুই গোপী মাজে এক গোপাল।
নূপুৰে বাদ্য ভৰি কৰতাল॥
হাতত হাতে ধৰি গোপনাৰী।
নাচিল অনঙ্গ ৰঙ্গে মুৰাৰি॥
সজল মেঘ মাধৱৰ কায়।
গোপীগণ ভৈল বিজুলী প্ৰায়॥
অলঙ্কাৰে কৰে মধুৰ ঘোষ।
শুনিয়া মনত মিলে সন্তোষ॥
গোপীৰ গলে ধৰি বাহু মেলি।
কৰিলা অনেক অনঙ্গ কেলি॥
শ্ৰম দেখি কতো আঞ্চলে বিঞ্চে।
যমুনা জলে নামি জল সিঞ্চে॥
পূৰিল গোপীগণ মনোৰথ।
ক্ৰীয়া দেখি চন্দ্ৰো ৰাখিল ৰথ॥
মোহিত ভৈল যত দিব্য নাৰী।
ৰাখিলা গোপীক যক্ষক মাৰি॥
ধায়া আসিলেক অৰিষ্ট বীৰ।
মেদিনী নসহো খুৰাৰ ভিৰ॥