সমললৈ যাওক

পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ৰাস ক্ৰীড়া।


কংশৰ বোলে যত দৈত্য আসে।
সবে অগণিত পতঙ্গ জাসে॥
এহি মতে সবে অসুৰ মাৰি।
ফুৰিলা বৃন্দাবনে গৰু চাৰি॥
গোধূলি পড়ি ৰঞ্জে মূখ আখি।
মাথাত পিন্ধিলা মৈৰাৰ পাখী॥
গুঞ্জাৰ থোকা ককালত আড়ি।
কক্ষত লৈয়া শিঙ্গা বেত বাড়ি॥
মোহন বংশী বেৰটিত থই।
ব্যঞ্জন ভাত বাম হাতে লই॥
ভোজন কৰা তুমি যদুৰাজে।
বসিয়া ৰঙ্গে গোপ শিশু মাজে॥
কোনে বুঝিবেক তোমাৰ লীলা।
কটাক্ষে ভুমিৰ ভাৰ হৰিলা॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
গোপাল কেলি শুনা সৰ্ব্ব জনে॥
মোক্ষ পাইবা যেবে সংসাৰ তৰি।
সঘনে ডাকি বোলা হৰি হৰি॥
 ইতি ৰাস ক্ৰীড়া সমাপ্তঃ।