পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ৰাস ক্ৰীড়া।


হৰি ভকতিত যেবে কৰা দৃঢ়মতি।
ই জম্মত নিশ্চয়ে পৰম পাইবা গতি॥
ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।
চাৰিয়ো বেদৰ জানা এহি সাৰ তত্ত্ব॥
ৰাম নাম অমৃত সততে কৰা পান।
বোলা হৰি হৰি কেতিক্ষণে পৰে প্ৰাণ॥

⸻⸻

ঘোষা।

যাদৱ জগ মোহন ৰাম
ভকত বৎসল কৰো প্ৰণাম।।

 শৰতকালে চন্দ্ৰাৱলী ৰাতি।
 দিব্য ৰাস ক্ৰীড়া কৰিলা আতি॥
 পৰম ৰাগে গাইলা গীত হৰি।
 শুনি মোহ ভৈলা গোপসুন্দৰী॥
 ঘৰ বাড়ী এড়ি লৱড়ে ভোলে।
 স্তন হল ফল কুণ্ডল দোলে॥
 বাইলাহা বংশী পশি বৃন্দাবনে।
 চৌপাশে বেড়ি নাচে গোপীগণে॥
 জয় কৃষ্ণ বুলি বাৱে চাপৰি।
 পোপীৰ মধ্যে প্ৰকাশন্ত হৰি॥