পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
ৰাস ক্ৰীড়া।

কৃষ্ণৰ বাক্য শুনি সবে সখী।
কৰে হাস্য অন্য অন্যে নিৰীক্ষি।
বােলন্ত দুনাই কৃষ্ণ বজি কাজ।
সখী সব আমি চাৰিতো বাজ।
ভকতেসে মােৰ সুহৃদ প্রাণ।
যিহেতু নভজো শুনা নিদান।
সদায় চিন্তোক মােক নপাই।
বিহ্বল যেন ধন হৰুয়াই।
তােমৰা সবে মােৰ অৰ্থে আতি।
এডিলা বেদধৰ্ম্ম যত জ্ঞাতি।
বাঢ়োক তােমাৰ প্ৰেম ভকতি।
ভৈলাে অন্তৰ্দ্ধান এহি যুগুতি।
নকৰা অসূযা স্বৰূপ জানি।
আছোক ইটো শুনা সত্য বাণী ।
দুস্ত্যজ গৃহৰো এড়িয়া আশ।
ভজিলা মােক কৰি অভিলাষ ।
ভৈলােহাে বশ্য মই তােমাসাৰ।
চিৰকাল শুজা নযায় ধাৰ।
যেবে সবে এড়া আপুনি দায়।
তেবেসে মােৰ ঋণ শুজা যায়।