পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
ৰাস ক্ৰীড়া।

কতাে মনুষ্য ভজে ভজন্তাক।
নভজে যিবা কেহো ভজে তাক।।
ভজন্তা নভজান্তা দুইকো আসি।
নভজয় কোনে কয়ো প্রকাশি।।
গােপীৰ শুনি গৃঢ় অভিপ্রায়।
দিলন্ত উত্তৰ যাদৱৰায়।।
শুনা সখী সৱ আমাৰ বাক।
যিজনে মাত্র ভজে ভজন্তাক।।
সুহৃদ নুহি নাহি তাৰ ধৰ্ম্ম।
আপোন অর্থে কৰে মাত্র কৰ্ম্ম।।
যিজনে ভজে নচাই উপকাৰ।
সুহৃদ সেহি ধৰ্ম্ম সিজে তাৰ।।
ভজে নভজে দুইতাে নেদে মন।
আছে চাৰি বিধ শুনা লক্ষণ।।
যিটো ব্ৰহ্মজ্ঞান দেখে সবে মিছা।
যিজন পূর্ণ ভােগে নাহি ইচ্ছা।।
গুৰুদ্রোহী যিটো একো নখানে।
যিটো মহামূৰ্খ কিছু নজানে।।
নভজে দুইকো এহি চাৰি জন।
কহিলাে মই নিষ্ঠে গােপীগণ।।