পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
ৰাস ক্ৰীড়া।

অমৃত বৰিসে কৃষ্ণৰ বাক।
যুৰাইল শুনি যত গোপীজাক॥
এড়াইলা সমস্তে বিৰহ তাপ।
বোলা হৰি হৰি পলাওক পাপ॥

⸺⸺


ঘোষা।

ৰাম কৰে ৰাসকেলি গোপাল গোপী সঙ্গে।
হৰি বোল হৰি বোল নিৰন্তৰে ৰঙ্গে॥

শুক নিগদতি পাছে গোবিন্দ তহিতে।
আৰম্ভিলা ৰাসক্ৰীড়া গোপীকা সহিতে॥
দুহো গোপী মাজে এক ভৈলন্ত মাধৱ।
প্ৰবত্তিল তথা ৰাসক্ৰীড়া মহোৎসৱ॥
ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি।
সবে বোলে মোকেসে আলিঙ্গি আছে হৰি॥
আসিল সভাৰ্য্যে যত দেৱগণ মানে।
যুৰিয়া আকাশ আসি অসংখ্য বিমানে॥
মাধৱৰ ৰাসক্ৰীড়া চাবে এক দৃষ্টি।
বাৱে দেৱে দুন্দুভি কৰিয়া পুষ্প বৃষ্টি॥