পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
ৰাস ক্ৰীড়া।

প্রাণবন্ধু মাধৱক কৰিয়া সম্মান।
অঞ্চল পাতিয়া দিল বসিবাৰ স্থান।।
বাসলন্ত তাতে অন্তর্যামী দেৱ হৰি।
ত্রিভুবন মােহন মধুৰ ৰূপ ধৰি।।
কৰিল শুশ্রুষা গােপীগণে মান্য কৰি ।
কতো লৈয়া কোলাত কৃষ্ণৰ জান্তে ভৰি।।
কন্ধত বাহুক থৈয়া কতো জনী ঘষে ।
কতো লীলা কটাক্ষে চাহবে প্ৰেমৰসে।।
কতোহো প্রণয় কোপে দেয় সমিধান।
বোল! হৰি হৰি হোক পাপৰ নিৰ্য্যাণ।।

- - - -


ঘোষা।

সাৰঙ্গপাণি প্রভু ভগৱন্ত।

নজানো তােমাৰ মায়াৰ অন্ত।।
পাছে গােপীগণে আতি সাদৰি।
কৃষ্ণৰ ৰঙ্গে জান্ত হাত ভৰি।।
ছলে পৰিহাস কৰিয়া তথা ।
প্রণয় কোপে শােধে সবে কথা।।