পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
ৰাস ক্ৰীড়া।

নাহিকে তৃপিতি যদি পীয়ন্তে সততে।
কৃষ্ণৰ চৰণ যেণ চিন্তন্তে ভকতে।
নেত্রে চাই কেহো জনী নিয়া হৃদয়ক।
কৃষ্ণক আলিঙ্গি ভৈল সর্বাঙ্গে পুলক।
বহয় আনন্দে নয়নৰ নীৰ ঝৰি।
মহাযােগীগণ যেন আছে ধ্যান কৰি।
এহি মতে কৃষ্ণক চাহন্তে গােপীগণ।
মিলি গৈল উৎসৱ শীতল তনু মন।
এড়াইল ৰিহ তাপ আনন্দে ভৰিল ।
ভকতক পাই যেন সংসাৰী তৰিল।
শােক এড়ি গোপীগণে বেঢ়িলে চৌভি।
মধ্যত কবন্তে কৃষ্ণে অধিকে দীপিতি।
পাছে সবে গোপিকাক লৈয়া বনমালী।
আনন্দে নামিল গৈয়া যমুনাৰ বালি।।
পুষ্পিত মন্দাৰ কুন্দ গন্ধে হুয়া ভোল।
মধুমত্ত অনেক ভ্ৰমৰে কৰে বােল।
শৰত চন্দ্ৰৰ কান্তি অতি সুকোমল।
দেখি মহা সন্তোষিত গােপিকা সকল
তপাতে বসিয়া মাধৱক মধ্য কৰি।
ভৈল পূর্ণ কাম সবে সন্তাপ পাসৰি।